এফ.আই.আৰ. (FIR) আৰু আৰক্ষী কাৰ্য্যৰ বিষয়ে সাধাৰণ প্ৰশ্ন
প্ৰশ্ন 1. কোন ধৰণৰ ঘটনাৰ বাবে আৰক্ষী থানাত এফ.আই.আৰ. (FIR) দাখিল কৰিব পাৰি?
উত্তৰঃ কেৱল আপৰাধিক (Criminal) ঘটনাৰ ক্ষেত্ৰতহে আৰক্ষী থানাত এফ.আই.আৰ. দাখিল কৰিব পাৰি।
প্ৰশ্ন 2. প্ৰতিটো এফ.আই.আৰ. কি দাখিল কৰা হয় নে ?
নহয়। যদি আৰক্ষীয়ে অপৰাধৰ বাবে পৰ্যাপ্ত প্ৰমাণ নাপায়, তেন্তে তেওঁলোকে এফ.আই.আৰ. দাখিল নকৰে।
প্ৰশ্ন 3. এফ.আই.আৰ. দাখিল হোৱাৰ পাছতে কি আৰক্ষীয়ে প্ৰতিটো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে?
👉 নহয়। আৰক্ষীয়ে প্ৰত্যেকজন অভিযুক্তক তৎক্ষণাত গ্ৰেপ্তাৰ নকৰে। কিন্তু যদি তদন্তৰ বাবে প্ৰয়োজনীয় বুলি ভাবে, তেন্তে তেওঁলোকক আটক (Apprehend) কৰিব পাৰে।
প্ৰশ্ন 4. আৰক্ষীয়ে কাক গ্ৰেপ্তাৰ কৰিব পাৰে?
👉 যিসকলে অপৰাধ কৰিছে বুলি ধৰা হয়, তেন্তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে।
প্ৰশ্ন 5. এফ.আই.আৰ. নথিভুক্ত নকৰাকৈয়ে কি আৰক্ষীয়ে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিব পাৰে?
👉 হয়ʼ, যদি আৰক্ষীৰ বিশ্বাস হয় যে কোনো ব্যক্তিয়ে অপৰাধ কৰিছে, তেন্তে অভিযোগ নোহোৱাকৈয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে।
👉 আৰক্ষীয়ে নিজে এফ.আই.আৰ. নথিভুক্ত কৰিব পাৰে, ইয়াক Suo Moto FIR (চুৱ মʼটো এফ.আই.আৰ.) বুলি কোৱা হয়।
প্ৰশ্ন 6. কোনো অভিযুক্তক এলেকা মেজিষ্ট্ৰেট (Alaka Magistrate)-ৰ আগত কেতিয়া হাজিৰ কৰিব লাগে?
👉 গ্ৰেপ্তাৰৰ সময়ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক এলেকা মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰাটো বাধ্যতামূলক।
👉 (মন কৰিব: সময় গণনা গ্ৰেপ্তাৰৰ সময়ৰ পৰা কৰা হয়, আটকৰ পৰা নহয় — এইটোত বহুতে বিভ্ৰান্ত হয়।)
প্ৰশ্ন 7. গম্ভীৰ অপৰাধৰ ক্ষেত্ৰত কি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিক জামিন (Bail) দিব পাৰে?
👉 নহয়। গম্ভীৰ অপৰাধত জামিন দিয়াৰ ক্ষমতা কেৱল আদালতৰ থাকে।
👉 যদিও, যদি ব্যক্তি কেৱল আটক অৱস্থাত (apprehension) আছে আৰু আৰক্ষীয়ে প্ৰয়োজনীয় বুলি ভাবে, তেন্তে তেওঁলোকক PR Bond (Personal Recognizance Bond) ত মুক্তি দিব পাৰে।
প্ৰশ্ন 8. কোনো ব্যক্তিক কেতিয়া “গ্ৰেপ্তাৰ” বুলি কোৱা হয়?
👉 কোনো ব্যক্তিক আটক কৰি তাৰ পাছত এফ.আই.আৰ. দাখিল কৰিলে, তেতিয়া তাক গ্ৰেপ্তাৰ বুলি কোৱা হয়।
প্ৰশ্ন 9. কোন ধৰণৰ এফ.আই.আৰত আৰক্ষীয়ে জামিন দিয়াৰ ক্ষমতা ৰাখে?
👉 কেৱল জামিনযোগ্য (Bailable) অপৰাধৰ ক্ষেত্ৰতেই আৰক্ষীয়ে অভিযুক্তক জামিনত মুক্তি দিব পাৰে।
প্ৰশ্ন 10. এফ.আই.আৰত নাম নথিভুক্ত নোহোৱা কোনো ব্যক্তিক কি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে?
👉 হয়। যদি আৰক্ষীয়ে বিশ্বাস কৰে যে কোনো ব্যক্তিয়ে অপৰাধ কৰিছে, তেন্তে এফ.আই.আৰত নাম নোহোৱাকৈও তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে।
📌 টোকা: এই তথ্য মাত্ৰ সচেতনতা বৃদ্ধি কৰাৰ বাবে প্ৰদান কৰা হৈছে। কোনো বিশেষ আইনী সমস্যাৰ বাবে দয়া কৰি আমাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।
📞 যোগাযোগ: 7896823008
🌐 ৱেবছাইট: www.pratikarlawfirm.com
🏛️ Pratikar Law Firm – Fight for Rights